আঘোণাৰ কপালৰ ঘাম
(মোৰ একাঙ্কিকা নাটক ‘প্ৰভাতী পখীৰ গান’-ৰ পৰা উদ্ধৃত)
উপান্ত কৃষকসকলৰ প্ৰতি সহমৰ্মিতাৰে
(পুলক জ্যোতি শৰ্মা)
আঘোণাৰ কপালৰ ঘামবোৰ
পথাৰত সোনোৱালী ঢৌ হৈ খেলি গ’ল
তাৰ কণমাণি পোণাটোৰ গুটি গুটি সপোনবোৰ দেখোন
মহাজনৰ ভঁৰালতহে থুপ খাই ৰ’ল
চেঙেলীয়া পোণাৰ ঘামে বাপেকৰ ঘামৰ সৈতে তুলিলে
সেউজ সোনোৱালী ঢৌ ধাননিত
পোণাৰ পাহুৱাল কান্ধত জিৰিজিৰি সুৰ তুলি
ডাঙৰি ৰ’লগৈ পিচে মহাজনৰহে পদূলিত
কণমাণি নাতিয়ে পুৱাতেই বোকোচাত উঠি
কৈছে আজি তাৰ সপোনৰ কথা
শুনি আঘোণাৰ লাপুং মুখত বিৰিঙিছে হাঁহি
কেনিবা গ’ল দুখ বেথা
--- হয়ে শুনিছ আমাৰো হ’বগৈ অ’
দেওল’ৰাৰ পুৱতিনিশাৰ সপোন আক’
ফলিয়াই নহয়
********